মুখ্য বাতৰি
এছিয়ান গেমছত ভাৰতৰ পদক জয়ৰ ধাৰা অব্যাহত            পিয়েৰ এগোষ্টিনী, ফেকে ক্রুজ , এটী এল হুইলিয়ৰলৈ ২০২৩ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা            ছত্তীশগড়ত ২৬ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন            তেলেংগানাৰ মনোহৰাবাদ আৰু ছিড্ডিপেটৰ মাজৰ নতুন ৰে'লপথছোৱা ৰাষ্ট্ৰৰ নামত উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ            বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ চলোৱা অভিযানত এহেজাৰৰো অধিক অভিযুক্তক গ্ৰেপ্তাৰ           

Nov 24, 2022
5:11PM

গুজৰাটত নির্বাচনী প্ৰচাৰ তুংগতঃ পালানপুৰৰ জনসভাত প্ৰধানমন্ত্ৰী মোদী

@narendramodi
গুজৰাটত নির্বাচনী প্ৰচাৰ ব্যাপক হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক নেতাসকলে ৰাজ্যখনৰ বিভিন্ন স্থানত ভোটাদাতাক আকৰ্ষণ কৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰিছে। ধাৰাবাহিকভাবে দ্বিতীয়টো দিনৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাজ্যখনত বিজেপিৰ নির্বাচনী প্ৰচাৰৰ গুৰি ধৰিছে। পালানপুৰৰ এখন জনসভাত ভাষণ দি আজি প্রধানমন্ত্রীয়ে কয় যে অনাগত ২৫ বছৰৰ বাবে গুজৰাটৰ ভাগ্য এইবাৰৰ বিধানসভা নির্বাচনে নির্ণয় কৰিব। তেওঁ কয় যে কেৱল সমাজৰ বাবে উৎসৰ্গিত আৰু উন্নয়নৰ বাবে প্রতিশ্রুতিবদ্ধ চৰকাৰেহে লক্ষ্যত উপনীত হোৱাৰ লগতে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিব। তেওঁ বৃহৎ হাৰত ভোটদান কৰি অভিলেষ গঢ়িবলৈ জনসাধাৰণক আহ্বান জনায়। বিজেপি চৰকাৰে বানাছকাম্বা অঞ্চলত, সন্ত্রাসবাদ, পৰিবেশ, পানী আৰু পৰিপুষ্টিৰ বিষয়ত মনোযোগ দিব বুলি শ্রীমোদীয়ে ঘোষণা কৰে। আজি প্রধানমন্ত্রীয়ে দাহেগ্রাম, মদাছা আৰু বাভলাৰ জনসভাতো ভাষণ দিব।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1