মুখ্য বাতৰি
ডুন বিশ্ববিদ্যালয়ৰ তৃতীয় বাৰ্ষিক সমাৱৰ্তন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱৰ অংশগ্ৰহণ            প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মেধাৱী শিক্ষাৰ্থীসকলক ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান            বিকাশৰ বাবে এটা পষেক কাৰ্যসূচীৰ অধীনত আজি ১৪ টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন            অসম মাষ্টাৰ্ছ এথলেটিক্স প্ৰতিযোগিতাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত ৰণোজ পেগুৰ অংশগ্ৰহণ            বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ আজি আৰম্ভ           

Nov 24, 2022
5:08PM

গৃহমন্ত্রী অমিত শ্বাহে নতুন দিল্লীত আয়োজিত বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীত অংশগ্রহণ কৰিব

@AmitShah
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি সন্ধ্যা নতুন দিল্লীত আহোম সেনাপতি বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্রহণ কৰিব। অসম চৰকাৰে নতুন দিল্লীত তিনিদিনীয়াকৈ আয়োজন কৰা লাচিত দিৱস কালি আৰম্ভ হৈছে। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় স্তৰত লাচিত বৰফুকনৰ বীৰত্ব আৰু দেশপ্ৰেমক তুলি ধৰাৰ উদ্দেশ্যেই এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আকাশবাণীৰ সংবাদদাতাক অসমৰ বস্ত্ৰ তাঁত মন্ত্ৰী ইউ জি ব্রহ্মাই কয় যে লাচিত দিৱসৰ অনুষ্ঠানক কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অংশগ্রহণে বিশেষ মর্যদা প্রদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ লাচিত দিৱসৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1