মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Nov 23, 2022
5:55PM

তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে নতুন দিল্লীত বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী আৰম্ভ

@himantabiswa
নতুন দিল্লীত আজি আহোম সেনাপতি বীৰ লাচিত বৰফুকনৰ তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত ৪০০ সংখ্যক জয়ন্তী আৰম্ভ হৈছে। ইয়াৰ সৈতে সংগতি ৰাখি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে বিজ্ঞান ভৱনত আহোম সাম্রাজ্য আৰু লাচিত বৰফুকনৰ লগতে অন্যান্যসকলৰ জীৱন তথা সাফল্যক আলোকপাত কৰি আয়োজন কৰা এখন বিশেষ প্রদর্শনী মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত শ্রীমতী সীতাৰমণে আহোম সাম্রাজ্য তথা লাচিত বৰফুকনৰ বীৰ গাঁথাৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ উদ্দেশ্যে দেশৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ প্ৰদৰ্শনীৰ আয়োজন কৰিবলৈ অসম চৰকাৰক আহ্বান জনায়। শ্রীমতী সীতাৰমণে এই ক্ষেত্ৰত অসম চৰকাৰৰ সৈতে সহযোগিতা আগবঢ়াবলৈ সাংস্কৃতিক মন্ত্ৰ্যালয়ক অনুৰোধ জনায়। তেওঁ কয় যে লাচিত বৰফুকনৰ বীৰ গাঁথাই তেওঁক উৎসাহিত আৰু অনুপ্ৰাণিত কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ভাৰত বুৰঞ্জীয়ে লাচিত বৰফুকন আৰু আহোম বীৰত্ব তথা তেনেধৰণৰ অন্যান্য কেতবোৰ ৰাজত্বৰ অৱহেলা কৰিছে। তেওঁ কয় যে এই পদক্ষেপে দেশৰ প্ৰকৃত বীৰসকলৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱাত সহায় কৰিব। শ্ৰীশৰ্মাই লগতে কয় যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত লাচিত বৰফুকনৰ বীৰ গাঁথা প্রতিষ্ঠা কৰিবলৈ এলানি বিশেষ পদক্ষেপ গ্রহণ কৰা হৈছে। কাইলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে লাচিত জীৱনৰ ওপৰত আধাৰিত এখন তথ্য চিত্ৰ মুকলি কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ইয়াৰোপৰি, পৰহিলৈ অনুষ্ঠিত হ'বলগীয়া সামৰণি কাৰ্যসূচীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অংশগ্রহণ কৰিব। আজি সন্ধিয়া ভাগলৈ আয়োজিত সাংস্কৃতিক অনুষ্ঠানত আইন মন্ত্রী কিৰেণ ৰিজিজু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ইফালে, এই জয়ন্তীৰ সৈতে সংগতি ৰাখি অসমৰ ইতিহাস আৰু লাচিত বৰফুকনৰ জীৱনৰ সন্দৰ্ভত আলোচনা চক্রও অনুষ্ঠিত হ'ব। প্রখ্যাত ইতিহাসবিদ যোগেন্দ্র নাথ ফুকনে বিখ্যাত শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ নেতৃত্বত মোগলক পৰাস্ত কৰাৰ বিষয়ে বক্তৃতা দিব।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1