মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Nov 22, 2022
7:02PM

কাইলৈৰ পৰা তিনিদিনীয়াকৈ নতুন দিল্লীত আহোম ৰাজত্ব কালৰ মহান বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপন

File Photo (ANI)
নতুন দিল্লীত কাইলৈৰ পৰা তিনিদিনীয়াকৈ অসমৰ আহোম ৰাজত্ব কালৰ মহান বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপন কৰা হ'ব। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ আৰু আইন মন্ত্রী কিৰেন ৰিজিজুৱে কাইলৈ জয়ন্তীৰ কাৰ্যসূচীত অংশগ্রহণ কৰিব। লাচিত জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি বীৰ লাচিত বৰফুকনৰ জীৱন আৰু খ্যাতিৰ আধাৰত এখন তথ্য চিত্র প্রদর্শন কৰাৰ লগতে এখন পুস্তিকা প্রকাশ কৰা হ'ব। প্রধানমন্ত্রী নৰেন্দ্র মোদী বিজ্ঞান ভবনত ২৫ নৱেম্বৰত হ'বলগীয়া লাচিত বৰফুকন জয়ন্তীৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিব।
        আমাৰ সংবাদদাতাই জনোৱা অনুসৰি অসম চৰকাৰে বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী সপ্তাহজোৰা কাৰ্যসূচীৰে উদযাপন কৰিছে। প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে চলিত বছৰৰ ফেব্ৰুৱাৰীত গুৱাহাটীত লাচিত বৰফুকন জয়ন্তীৰ বছৰজোৰা উদযাপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছে। আহোম সেনাপতি লাচিত বৰফুকনে অসীম সাহসেৰে সম্ৰাট ঔৰংগজেৱৰ আগ্ৰাসনৰ বিৰুদ্ধে যুঁজি আক্ৰমণকাৰী মোগলবাহিনীক পৰাস্ত কৰিছিল।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1