মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Nov 20, 2022
6:37PM

লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ কাৰ্যসূচীৰ প্ৰতি ৰাইজৰ বিপুল সঁহাৰি

@airnews_ghy
অসম আৰু নতুন দিল্লীত ৮ দিনীয়াকৈ আয়োজন কৰা মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বিভিন্ন কাৰ্যসূচীৰ প্ৰতি ৰাইজৰ বিপুল সঁহাৰি পৰিলক্ষিত হৈছে। কাইলৈৰ পৰা ২৩ নৱেম্বৰলৈকে উপায়ুক্তসকলে সংশ্লিষ্ট জিলাসমূহত বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক কাৰ্যসূচী গ্ৰহণ কৰিব। ২৪ নৱেম্বৰত জিলা সদৰসমূহত জয়ন্তীৰ মূল কাৰ্যসূচীৰ আয়োজন কৰা হ’ব। কালি ৰাজ্যৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু বিদ্যালয় পর্যায়ত লাচিত বৰফুকনৰ জীৱন বিষয়ক ৰচনা প্রতিযোগিতা অনুষ্ঠিত হয়।
        বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপনৰ অংশ হিচাপে আজি পুৱা কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানৰ উপৰি সকলো বিদ্যালয় চৌহদত চাফাই অভিযান আৰু বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়।
        মৰিগাওঁ জিলা প্ৰশাসনেও লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। এই উদ্দেশ্যে জিলা প্ৰশাসনে জাগীৰোড ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপনৰ ব্যৱস্থা কৰিছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1