মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Nov 18, 2022
7:03PM

মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ কাৰ্যসূচী আৰম্ভ

@himantabiswa
৮ দিনীয়াকৈ আয়োজন কৰা মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ কাৰ্যসূচী আজি পুৱাৰে পৰা আৰম্ভ হৈছে। দুটা পৰ্যায়ত হ'বলগীয়া কাৰ্যসূচী অনুসৰি আজি পুৱা প্ৰতিখন জিলাত NCC, অসম আৰক্ষী, অৰ্ধ সামৰিক বাহিনী আৰু সামৰিক বাহিনীৰ বিভিন্ন গোটে মাৰ্চপাষ্ট কৰি লাচিত বৰফুকনৰ প্ৰতি সন্মান জনাই সামৰিক অভিবাদন জ্ঞাপন কৰিছে। এই কাৰ্যসূচীত সকলো সামৰিক আৰু অৰ্ধ সামৰিক বাহিনীয়ে প্ৰথমবাৰৰ বাবে একেলগে অংশগ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে গুৱাহাটীৰ খানাপাৰাতো আজি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সেনা, বায়ুসেনা বাহিনী, বি এছ এফ, চি আৰ পি এফ, এছ এছ বি, আই টি বি পি, চি আই এছ এফ আৰু অসম আৰক্ষীৰ এটা সমূহীয়া দলে আজি পুৱা গুৱাহাটীত মাৰ্চপাষ্টত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত এন চি চিৰ সদস্যসকলেও অংশগ্ৰহণ কৰে। 

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1