মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Nov 17, 2022
6:18PM

লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা শীৰ্ষ গীত মুকলি

AIR
বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ প্ৰস্তুতি অব্যাহত আছে। দুটা পৰ্যায়ত উদযাপন কৰিবলগীয়া এই সমাৰোহৰ ২৫ নৱেম্বৰত নতুন দিল্লীত হ'বলগীয়া সামৰণি অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্রহণ কৰিব। বৌদ্ধিক জগতৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ আৰু অসমৰ পৰা যোৱা প্ৰতিনিধিৰ উপস্থিতিত প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে সেইদিনা দেশবাসীক সম্বোধন কৰিব। এই কাৰ্যসূচীত অংশ ল’বলগীয়া লোকসকলৰ যাতায়াতৰ বাবে ইতিমধ্যে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা শীৰ্ষ গীত মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, এই শীৰ্ষ গীতটোৰে নিগৰিত স্বদেশ প্ৰেমে অসমবাসীক পুনৰ এবাৰ স্বদেশ আৰু স্বজাতিৰ প্ৰেমেৰে উজ্জীৱিত কৰাৰ লগতে লাচিতৰ আদৰ্শ নৱ-প্ৰজন্মৰ হৃদয়ত প্ৰতিষ্ঠা কৰিব। ৰাজ্য চৰকাৰে লাচিত বৰফুকনৰ জয়ন্তী উদযাপনৰ সৈতে সংগতি ৰাখি অহা ২০ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰকাশ কৰা অনুসৰি, এই কাৰ্যসূচী দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। ইয়াৰে এটা কাৰ্যসূচী জিলা পৰ্যায়ত আৰু আনটো কাৰ্যসূচী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, জিলা পৰ্যায়ৰ কাৰ্যসূচী অহা ১৮ নৱেম্বৰত আৰম্ভ হ’ব। সেইদিনা এন চি চি, অসম আৰক্ষী, অৰ্ধ সামৰিক বাহিনী আৰু সামৰিক বাহিনীৰ বিভিন্ন গোটে জিলাসমূহত মাৰ্চপাষ্ট কৰি লাচিত বৰফুকনক সামৰিক অভিবাদন জনাব। ১৯ নৱেম্বৰত ৰাজ্যৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু বিদ্যালয় পৰ্যায়ত লাচিত বৰফুকনৰ জীৱন বিষয়ক ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ২০ নৱেম্বৰত ৰাজ্য চৰকাৰে যোৰহাটৰ লাচিত মৈদামৰ ভূমি সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিব। ২১ আৰু ২২ নৱেম্বৰত জিলা উপায়ুক্তসকলে সংশ্লিষ্ট জিলাসমূহত বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক কাৰ্যসূচী গ্ৰহণ কৰিব। ২৩, ২৪ আৰু ২৫ নৱেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত লাচিত বৰফুকনৰ জয়ন্তীৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ'ব।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1