মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Nov 13, 2022
6:30PM

দিল্লীত ২৩ আৰু ২৪ নৱেম্বৰত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী আয়োজন

AIR
মহাবীৰ লাচিত বৰফুকনৰ শৌৰ্য-বীৰ্যক দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে পৰিচিত কৰাৰ উদ্দেশ্যে অহা ২৩ আৰু ২৪ নৱেম্বৰত নতুন দিল্লীত বীৰগৰাকীৰ ৪০০ সংখ্যক জয়ন্তী পালন কৰাৰ দিহা কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কালি এই জয়ন্তী উদযাপনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। ৰাজ্য চৰকাৰে বীৰগৰাকীৰ সম্পৰ্কে সমগ্ৰ দেশৰ লগেত বিশ্বৰ জনগণক অৱগত কৰোৱাবলৈ দিল্লীৰ মেট্ৰ’ৰে’লত বীৰ লাচিতৰ বৃহৎ আলোকচিত্ৰ আৰু বীৰগাঁথা অংকিত কৰাৰ উপৰি ৰাজপথসমূহৰ কাষতো বীৰগৰাকীৰ আলোকচিত্ৰ আৰু বীৰগাঁথা অংকিত কৰাৰ উপৰি ৰাজপথসমূহৰ কাষতো বীৰগৰাকীৰ আলোকচিত্ৰ হৰ্ডিং আকাৰে স্থাপন কৰাৰ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে, বীৰ লাচিতৰ জয়ন্তী উপলক্ষে ৰাজ্যজুৰি ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতা আয়োজনকে ধৰি বিভিন্ন ধৰণৰ কাৰ্য্যসূচী লোৱা হৈছে। এই সন্দৰ্ভত মুকলি কৰা এটা পৰ্টেলত ১০ সহস্ৰাধিক লোকে বীৰগৰাকী সম্পৰ্কে লেখা আপলোড কৰিছে বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে, ২৩ নৱেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত হ’বলগীয়া এই অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ২৪ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানতে লাচিত বৰফুকনৰ জীৱনভিত্তিক তথ্য চিত্ৰ এখনো প্ৰদৰ্শন কৰা হ’ব। 

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1