মুখ্য বাতৰি
২০২৬ চনৰ ভিতৰত লোকনিৰ্মাণ পথ বিভাগৰ কেইবাটাও বৃহৎ প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ            ভাৰতৰ আজি জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ            গুজৰাট বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সমাপ্ত            আজি বিশ্ব এইডছ দিৱস            ফিফা বিশ্বকাপত আজি ক্ৰৱেছিয়া-বেলজিয়ামৰ বিৰুদ্ধে আৰু কানাডা-মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব           

Oct 05, 2022
7:10PM

“বর্হিশক্তিয়ে ভাৰতলৈ অন্যায়ৰ দৃষ্টিৰে চাই ইয়াৰ যোগ্যৰ প্ৰত্যুত্তৰ দিয়া হ’ব”- প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ

File Photo (ANI)
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কৈছে যে, ভাৰতে সমগ্র বিশ্বকে এটা পৰিয়াল হিচাপে গণ্য কৰে। কিন্তু যদি বর্হিশক্তিয়ে ভাৰতলৈ অন্যায়ৰ দৃষ্টিৰে চাই ইয়াৰ যোগ্যৰ প্ৰত্যুত্তৰ দিয়া হ’ব। শ্রীসিঙে বিজয়া দশমী উপলক্ষে উত্তৰাখণ্ডৰ ছাম’লীৰ ঔলী সামৰিক ঘাটিত সুৰক্ষা বাহিনী আৰু আই টি বি পি জোৱানসকলে আয়োজন কৰা অস্ত্ৰ পূজাত অংশ লৈ এই কথা প্ৰকাশ কৰে। তেওঁ কৈছে সমগ্ৰ বিশ্বই ভাৰতৰ মহানতাক স্বীকাৰ কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় গুৰুত্ব থকা সকলো বিষয়ত ভাৰতক অন্যতম মূল সিদ্ধান্ত গ্ৰহণ কৰা দেশ হিচাপে পৰিগণিত হৈছে। শ্রীসিঙে কৈছে আন্তঃৰাষ্ট্ৰীয় সমূদায়ে ভাৰতক সন্মানৰ দৃষ্টিৰে চায়। তেওঁ লগতে কৈছে আমাৰ দেশক সুৰক্ষাৰ বাবে জোৱানসকলৰ অৱদানৰ লগতে তেওঁলোকৰ সামৰ্থক লৈ সমগ্ৰ দেশে গৌৰৱ আৰু বিশ্বাস কৰে। বৰ্হিশক্তিৰ ভাবুকিৰ বিৰুদ্ধে আমাৰ দেশখনত সুৰক্ষা প্ৰদান কৰাৰ বাবে আগবঢ়োৱা সুৰক্ষা বাহিনীসমূহৰ ভূমিকাক শ্রীসিঙে প্ৰশংসা কৰিছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1