মুখ্য বাতৰি
২০২৬ চনৰ ভিতৰত লোকনিৰ্মাণ পথ বিভাগৰ কেইবাটাও বৃহৎ প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ            ভাৰতৰ আজি জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ            গুজৰাট বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সমাপ্ত            আজি বিশ্ব এইডছ দিৱস            ফিফা বিশ্বকাপত আজি ক্ৰৱেছিয়া-বেলজিয়ামৰ বিৰুদ্ধে আৰু কানাডা-মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব           

Oct 05, 2022
7:02PM

দশেৰা উপলক্ষে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ জনসাধাৰণলৈ ওলগ

File Photo
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে দশেৰা উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে দশেৰা উপলক্ষে দিয়া এটা বাৰ্তাত কৈছে যে, সমগ্ৰ দেশত অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তি, অসত্যৰ ওপৰত সত্য, অনৈতিকতাৰ বিৰুদ্ধে নৈতিকতাৰ বিজয়ৰ প্ৰতীক হিচাপে বিজয়া দশমী উদযাপন কৰা হয়। তেওঁ কয় যে, উত্তৰ ভাৰতত ইয়াক দশেৰা হিচাপে পালন কৰা হয় আৰু ৰাৱণ দাহনৰ জৰিয়তে ৰাৱণৰ বিৰুদ্ধে ভগৱান ৰামৰ বিজয়ৰ কাহিনী জীৱন্ত কৰি তোল হয়। ৰাষ্ট্ৰপতিয়ে কয় যে ভগৱান ৰামৰ আদৰ্শ আচাৰণ আৰু ন্যায়পৰায়ণতাৰ বাৰ্তাই জনসাধাৰণক প্ৰজন্ম প্রজন্ম ধৰি উৎসাহ যোগাই আহিছে। পূব ভাৰতত আজিৰ দিনটোত উৎসাহেৰে মা দুৰ্গাৰ প্ৰতিমা বিসর্জন কৰা হয়। ৰাষ্ট্ৰপতিয়ে কয় যে এই উৎসৱ দেশৰ সাংস্কৃতিক একতাৰ নিদৰ্শন। তেওঁ লগতে এইবুলি আশা প্রকাশ কৰে যে, দশেৰা আৰু বিজয়া দশমীয়ে যেন জনসাধাৰণক নীতি, সত্য আৰু সততাৰ শ্বাস্বত জীৱন প্ৰমূল্য আকোৱালি ল’বলৈ আৰু শান্তি-সম্প্ৰীতিৰে জীৱন-যাপন কৰিবলৈ অনুপ্ৰেৰণা যোগায়।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1