মুখ্য বাতৰি
২০২৬ চনৰ ভিতৰত লোকনিৰ্মাণ পথ বিভাগৰ কেইবাটাও বৃহৎ প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ            ভাৰতৰ আজি জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ            গুজৰাট বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সমাপ্ত            আজি বিশ্ব এইডছ দিৱস            ফিফা বিশ্বকাপত আজি ক্ৰৱেছিয়া-বেলজিয়ামৰ বিৰুদ্ধে আৰু কানাডা-মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব           

Oct 05, 2022
6:59PM

দেশৰ নাৰী শক্তিক সৱলীকৰণৰ বাবে ১৩০কোটি জনসাধাৰণৰ সমূহীয়া দায়বদ্ধতাক প্ৰশংসা প্রধানমন্ত্ৰী মোদীৰ

File Photo
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ নাৰী শক্তিক সৱলীকৰণৰ বাবে ১৩০কোটি জনসাধাৰণৰ সমূহীয়া দায়বদ্ধতাক প্ৰশংসা কৰিছে। কন্যা শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ ভাৰত সক্ষম হৈছে। দেশত কন্যা শিশুৰ মৃত্যুৰ হাৰ ল’ৰাৰ সমানুপাতিক হৈছে। ল’ৰাতকৈ কন্যা শিশুৰ মৃত্যুৰ হাৰ ১৬খন ৰাজ্যত অধিক আছিল যদিও ২০১১ চনৰ পৰা এই হাৰ হ্ৰাস পাইছে। ২০২০ বৰ্ষৰ নমুনা পঞ্জীয়ন ব্যৱস্থাৰ পৰিসংখ্যাৰ তথ্য অনুসৰি ছত্তীশগড়ত লৰাৰ মৃত্যুৰ হাৰ ৩৫ শতাংশ হোৱাৰ বিপৰীতে কন্যা শিশুৰ মৃত্যুৰ হাৰ ৪১ শতাংশ।
        মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি ইৰাণীয়ে কৈছে যে, বেটী বচাও বেটী পঢ়াও যোগেদি ইয়াৰ বৈষম্য দূৰ কৰাৰ বাবে সমূহীয়া প্রচেষ্টা চলোৱা হৈছে। স্বাস্থ্যৰ যত্ন আৰু শিক্ষাৰ জৰিয়তে লিংগ বৈষম্য দূৰ কৰাৰ চেষ্টা চলোৱা হৈছে আৰু এই ক্ষেত্ৰত সফলতা লাভ কৰা হৈছে। 

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1