মুখ্য বাতৰি
২০২৬ চনৰ ভিতৰত লোকনিৰ্মাণ পথ বিভাগৰ কেইবাটাও বৃহৎ প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ            ভাৰতৰ আজি জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ            গুজৰাট বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সমাপ্ত            আজি বিশ্ব এইডছ দিৱস            ফিফা বিশ্বকাপত আজি ক্ৰৱেছিয়া-বেলজিয়ামৰ বিৰুদ্ধে আৰু কানাডা-মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব           

Oct 05, 2022
6:58PM

হিমাচল প্ৰদেশৰ বিলাসপুৰত অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানৰ মুকলি প্ৰধানমন্ত্ৰী মোদীৰ

@narendramodi
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশৰ বিলাসপুৰত অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান মুকলি কৰে। শ্ৰীমোদীয়ে প্রধানমন্ত্রী স্বাস্থ্য যোজনাৰ অধীনত ২০১৭ চনৰ অক্টোবৰত এই প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিছিল। ইয়াৰ অংশ হিচাপে শ্রীমোদীয়ে প্রধানমন্ত্রী মোদীয়েই ১,৪৭০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা এই প্ৰতিষ্ঠানত ১৮টা স্পেচিয়েলিটী, ১৭টা ছুপাৰস্পেচিয়েলিটী বিভাগ আৰু ১৮টা সুকীয়া অস্ত্ৰোপচাৰ কক্ষ, ২৪৭ একৰ ভূমিত বিয়পি থকা এই চিকিৎসালয়ত ৬৪খন আই চি ইউ বিচনাসহ মুঠ ৭৫০খন বিচনাযুক্ত এই চিকিৎসালয়ত অহর্নিশে খোলা থকা জৰুৰীকালীন সেৱা আৰু ডায়েলিছিছৰ সুবিধাও আছে। লগতে এই চিকিৎসালয়ত ৩০খন বিছনাযুক্ত আয়ুষ কেন্দ্র আছে। চিকিৎসালয়খনত প্ৰতি বছৰে এম বি বি এছ পাঠ্যক্ৰমৰ ১০০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু নাৰ্ছিং পাঠ্যক্ৰমৰ ৬০ গৰাকী শিক্ষাৰ্থীৰ নামভৰ্তি কৰা হ'ব।
        আজিৰ অনুষ্ঠানত হিমাচল প্ৰদেশৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আলেকাৰ, মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰ উপস্থিত থাকে। 

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1