মুখ্য বাতৰি
পিএফআই আৰু সহযোগী সংগঠনৰ বিৰুদ্ধে বে-আইনী কার্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ কেন্দ্ৰৰ            উচ্চতম ন্যায়ালয়ৰ ৰায়ঃ সকলো মহিলাৰে সুৰক্ষিত আৰু বৈধ গর্ভপাত কৰাৰ অধিকাৰ আছে            জ্যেষ্ঠ অধিবক্তা আৰ ভেংকটৰমনীক দেশৰ নতুন এটৰ্নী জেনেৰেল হিচাপে নিযুক্তি            জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত যোৱা ৮ ঘণ্টাত দুটাকৈ বোমা বিস্ফোৰণ            চুৰাটত ৩,৪০০ কোটিৰো অধিক টকাৰে কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ           

Sep 23, 2022
6:35PM

নতুন দিল্লীৰ আকাশবাণী ভৱনত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচিত ভাষণৰ সংকলন মুকলি

@MVenkaiahNaidu
প্ৰধানমন্ত্ৰীৰ নিৰ্বাচিত ভাষণৰ এখন সংকলন আজি নতুন দিল্লীৰ আকাশবাণী ভৱনত মুকলি কৰা হয়। 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস- প্ৰাইমমিনিষ্টাৰ নৰেন্দ্ৰ মোদী স্পীকছ’ শীৰ্ষক গ্ৰন্থখনে প্ৰধানমন্ত্ৰী মোদীৰ এখন নতুন ভাৰতৰ পৰিকল্পনাক প্ৰতিফলিত কৰিছে। এই গ্ৰন্থখন প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু, কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে উন্মোচন কৰে। প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভ্ংকায়া নাইডুৱে কয় যে 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস- প্ৰাইমমিনিষ্টাৰ নৰেন্দ্ৰ মোদী স্পীকছ’ গ্ৰন্থখনে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনৰ ধাৰণা আৰু সংকল্পৰ প্ৰতিফলন কৰিছে। তেওঁ কয় যে সংস্কাৰ আৰু সুশাসনে এখন সফল চৰকাৰৰ মূলমন্ত্ৰ যিয়ে জনসাধাৰণৰ জীৱন ধাৰণ প্ৰণালী সলনি কৰে। অনুষ্ঠানত উপস্থিত থাকি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে গ্ৰন্থখনে প্ৰধানমন্ত্ৰীৰ নতুন ভাৰত গঢ়াৰ পৰিকল্পনা আৰু এই ক্ষেত্ৰত তেওঁৰ সৱল নেতৃত্বক প্ৰতিফলিত কৰিছে। যাৰ ফলস্বৰূপে আজি ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতেই পঞ্চম বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ সচিব অপূৰ্ব চন্দ্ৰ লগতে মন্ত্ৰ্যালয়ৰ আন জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1