মুখ্য বাতৰি
এছিয়ান গেমছত ভাৰতৰ পদক জয়ৰ ধাৰা অব্যাহত            পিয়েৰ এগোষ্টিনী, ফেকে ক্রুজ , এটী এল হুইলিয়ৰলৈ ২০২৩ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা            ছত্তীশগড়ত ২৬ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন            তেলেংগানাৰ মনোহৰাবাদ আৰু ছিড্ডিপেটৰ মাজৰ নতুন ৰে'লপথছোৱা ৰাষ্ট্ৰৰ নামত উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ            বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ চলোৱা অভিযানত এহেজাৰৰো অধিক অভিযুক্তক গ্ৰেপ্তাৰ           

Sep 23, 2022
6:25PM

খানাপাৰাত নিযুক্তি সমাৱেশত ১১ হাজাৰ ২৩৬ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

@himantabiswa
ৰাজ্য চৰকাৰৰ ১ লাখ যুৱক-যুৱতীক নিয়োগ প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে আজি পুনৰ ১১ হাজাৰ ২৩৬ গৰাকী যোগ্য প্ৰাৰ্থীক নিযুক্তি দিয়া হয়। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত নিযুক্তি সমাৱেশত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে। ৰাজ্য চৰকাৰৰ ২৪ টা বিভাগত এই নিযুক্তিসমূহ দিয়া হয়। সেই অনুসৰি গৃহ আৰু ৰাজনৈতিক বিভাগত ৫ হাজাৰ ৩৩৫ গৰাকী, উচ্চ আৰু কাৰিকৰী শিক্ষা বিভাগত ৯২৭, শিক্ষা বিভাগত ৩ হাজাৰ ৮১১, উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠানত এগৰাকী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ২৭৭, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ২৯৯, লোক নিৰ্মাণ বিভাগত ৩০৪, পৰ্যটন বিভাগত ৬ গৰাকী, জলসিঞ্চন বিভাগত ১৩৭, পৰিবহণ বিভাগত ৩ গৰাকী, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগত এগৰাকী, পৰিৱেশ আৰু বন বিভাগত ৩৩ গৰাকী, মহিলা আৰু শিশু উন্নয়ন বিভাগত ৪ গৰাকী, জলসম্পদত ৩ গৰাকী, জনস্বাস্থ্য কাৰিকৰী বিভাগত ৪ গৰাকী, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগত ১৩ গৰাকী আৰু প্ৰযটন বিভাগত ৬ গৰাকীকে ধৰি অন্যান্য বিভাগত নিযুক্তি দিয়া হয়। আনহাতে, হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগত ৬ গৰাকী, ৰূপান্তৰ আৰু উন্নয়ন বিভাগত ১১ গৰাকী, সমবায় বিভাগত দুগৰাকী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগত ২৪ গৰাকী, তথ্য আৰু জনসংযোগ বিভাগত এগৰাকী, তথ্য-প্ৰযুক্তি বিভাগত ৪ গৰাকী, পশুপালন আৰু পশু চিকিৎসা বিভাগত ২৭ গৰাকী আৰু মীন বিভাগত ৩ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। 
        নতুনকৈ নিযুক্তিপ্ৰাপ্ত যুৱক-যুৱতীসকলে যাতে নিৰ্ধাৰিত সময়ত চাকৰিত যোগদান কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। 

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1