মুখ্য বাতৰি
পৰম্পৰা আৰু পৰম্পৰাগত জ্ঞানৰ সংৰক্ষণৰ বাবে নাগালেণ্ডক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ            জি-টুৱেণ্টি ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতা কৰাটো ভাৰতৰ বাবে গোলকীয় হিত আৰু কল্যাণৰ হকে কাম কৰাৰ এটা ডাঙৰ সুযোগঃ প্ৰধানমন্ত্ৰী            এন চি চিৰ আজি ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস            চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ হকে কাম কৰি আছেঃ বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ            'বিকাশৰ এটা পষেক’ শীৰ্ষক আলোচনাত ভাৰ্ছুৱেল ব্যৱস্থাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ           

Sep 19, 2022
5:31PM

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৭ সংখ্যক অধিৱেশনঃ নিউয়ৰ্কত উপস্থিত বিদেশ মন্ত্রী ডঃ এছ জয়শংকৰ

File Photo
বিদেশ মন্ত্রী ডঃ এছ জয়শংকৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৭ সংখ্যক অধিৱেশনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে যোৱা নিশা নিউয়র্কত উপস্থিত হয়। আমেৰিকা ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ডঃ জয়শংকৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ উচ্চ পৰ্যায়ৰ সাধাৰণ বিতৰ্কত অংশগ্ৰহণৰ বাবে যোৱা ভাৰতীয় প্ৰতিনিধিসকলৰ নেতৃত্ব দিব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৭ সংখ্যক অধিৱেশনৰ বিষয়বস্তু হৈছে-পাৰস্পৰিক প্ৰত্যাহ্বানৰ যুগন্তকাৰী সমাধান।
        তথ্যৰ আদান-প্ৰদানৰ অধীনত বহুপাক্ষিক ব্যৱস্থাৰ হকে ভাৰতৰ শক্তিশালী প্রতিশ্রুতিবদ্ধতা অনুসৰি বিদেশ মন্ত্ৰীগৰাকীয়ে ভাৰত, ব্রাজিল, জাপান আৰু জাৰ্মানীক লৈ গঠিত জি-৪ৰ ৰাষ্ট্ৰগোষ্ঠীৰ মন্ত্ৰীপৰ্যায়ৰ বৈঠকৰ আয়োজন কৰিব। তেওঁ বহুপাক্ষিক ব্যৱস্থা শক্তিশালী কৰাৰ লগতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ব্যাপক সংস্কাৰৰ লক্ষ্যত উপনীত হোৱাৰ বাবে এল-৬৯ গোটৰ উচ্চস্তৰীয় বৈঠকতো অংশগ্রহণ কৰিব। এল-৬৯ গোটত এছিয়া, আফ্ৰিকা, লেটিন আমেৰিকা আৰু কেৰিবিয় উন্নয়নশীল দেশসমূহৰ লগেত ক্ষুদ্র দ্বীপ উন্নয়নশীল ৰাষ্ট্ৰসমূহ অন্তৰ্ভুক্ত হৈ আছে। 

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1