মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Jul 23, 2022
7:09PM

আৱকাৰী নীতি ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত কেজৰিৱালৰ মৌনতাক লৈ প্ৰশ্ন কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰৰ

File Photo
কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে দিল্লীত আৱকাৰী নীতি ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতি হোৱা বুলি উঠা অভিযোগৰ চি বি আইৰ তদন্তৰ বাবে উপ-ৰাজ্যপালে আগবঢ়োৱা পৰামৰ্শ সন্দৰ্ভত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মৌনতাক লৈ প্ৰশ্ন তুলিছে। ইয়াৰ পৰা শ্ৰীকেজৰিৱালৰ সমৰ্থনত যে, আম-আদমী পাৰ্টীৰ চৰকাৰে দুৰ্নীতিত লিপ্ত হৈছে সেই কথাই প্ৰমাণ হয় বুলি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীঠাকুৰে অভিযোগ কৰে। তেওঁ কয় যে, এটাৰ পিছত এটাকৈ কেজৰিৱাল চৰকাৰৰ দুৰ্নীতিৰ কথা পোহৰলৈ আহিছে। তেওঁ লগতে কয় যে, শ্ৰীকেজৰিৱালে ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু তেওঁৰ চৰকাৰে দুৰ্নীতিৰ নতুন অভিলেখ গঢ়িছে। কেজৰিৱালে দুৰ্নীতত লিপ্ত হোৱা লোকক আশ্ৰয় দিছে বুলি অভিযোগ তুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, উপ-ৰাজ্যপালে চি বি আইৰ তদন্তৰ পৰামৰ্শ আগবঢ়াই উচিত সিদ্ধান্তই গ্ৰহণ কৰিছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1