মুখ্য বাতৰি
কেৱল ঔদ্যোগিক উন্নয়ন আৰু সমাজৰ দৰিদ্ৰ লোক সকলক বাদ দি দেশ কেতিয়াও সমৃদ্ধিশালী হ'ব নোৱাৰেঃ গৃহমন্ত্রী            স্বৰ্গদেউ চ্যুকাফাৰ স্মৃতিত শ্রদ্ধা জনাই আজি ৰাজ্যজুৰি অসম দিৱস উদযাপন            কৃত্রিম বুদ্ধিমত্তাৰ দৰে আধুনিক প্ৰযুক্তিয়ে জীৱনটো সহজ কৰি তুলিব পাৰি যদিও একে সময়তে ই দিপ ফেকৰ দৰে সামাজিক ভাবুকিৰ সৃষ্টি কৰিছেঃ ৰাষ্ট্ৰপতি মুৰ্মু            COP-28 শীৰ্ষ সন্মিলনৰ মাজতে ধাৰাবাহিকভাৱে বিশ্বৰ অন্যান্য নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত প্রধানমন্ত্ৰী মোদী            ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ লগতে ভাৰতৰ গোলকীয় সন্মান আৰু বিশ্বাস যোগ্যতা যোৱা কিছুবছৰত যথেষ্ট বৃদ্ধি পাইছেঃ উপ-ৰাষ্ট্ৰপতি           

Jul 22, 2022
8:12PM

বিশ্ব এথলেটিকছত প্ৰদৰ্শন কৰা সাফল্যৰ বাবে নিৰজ চোপ্ৰা, ৰোহিত যাদৱ আৰু এলধ’ছ পলক অভিনন্দন কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰৰ

File Photo (PTI)
কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰিগণত অনুষ্ঠিত বিশ্ব এথলেটিকছ প্ৰতিযোগিতাত প্ৰদৰ্শন কৰা সাফল্যৰ বাবে নিৰজ চোপ্ৰা, ৰোহিত যাদৱ আৰু এলধ’ছ পলক অভিনন্দন জনাইছে। এটা টুইট বাৰ্তাত শ্ৰীঠাকুৰে কয় যে, ভাৰতে এই প্ৰতিযোগিতাত ইতিহাস সৃষ্টি কৰিলে। প্ৰথমবাৰৰ বাবে ২গৰাকী জেভলিন প্ৰতিযোগী নিৰজ চোপ্ৰা আৰু ৰোহিত যাদৱে এই বিশ্ব চেম্পিয়নশ্বিপৰ চূড়ান্ত পৰ্যায়ত স্থান লাভ কৰিছে বুলি উল্লেখ কৰি তেওঁ সন্তুষ্টি ব্যক্ত কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ইয়াৰ বিপৰীতে এলধ’ছ পল পুৰুষৰ ত্ৰিপল জাম্প প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়ত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে বিবেচিত হৈছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1