মুখ্য বাতৰি
পৰম্পৰা আৰু পৰম্পৰাগত জ্ঞানৰ সংৰক্ষণৰ বাবে নাগালেণ্ডক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ            জি-টুৱেণ্টি ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতা কৰাটো ভাৰতৰ বাবে গোলকীয় হিত আৰু কল্যাণৰ হকে কাম কৰাৰ এটা ডাঙৰ সুযোগঃ প্ৰধানমন্ত্ৰী            এন চি চিৰ আজি ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস            চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ হকে কাম কৰি আছেঃ বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ            'বিকাশৰ এটা পষেক’ শীৰ্ষক আলোচনাত ভাৰ্ছুৱেল ব্যৱস্থাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ           

Jul 20, 2022
6:40PM

গুৰুতৰ অৰ্থনৈতিক পৰিস্থিতি উন্নত কৰাৰ বাবে শ্ৰীলংকাক ভাৰতৰ ৩৮০ কোটি ডলাৰৰ সাহায্য প্ৰদান

Screen Grab
বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে ভাৰতে শ্ৰীলংকাৰ গুৰুতৰ অৰ্থনৈতিক পৰিস্থিতি উন্নত কৰাৰ বাবে ৩৮০ কোটি ডলাৰৰ সাহায্য প্ৰদান কৰিছে। তেওঁ কয় যে আন কোনো দেশে এই বছৰ শ্ৰীলংকাক ইমান বৃহৎ পৰিমাণৰ সাহায্য প্ৰদান কৰা নাই। শ্ৰীলংকাৰ বিপৰ্যয় সম্পৰ্কে আলোচনা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আহ্বান জনোৱা বৈঠকত অধ্যক্ষতা কৰাৰ পাছত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ড০ জয়শংকৰে কয় যে শ্ৰীলংকা অভূতপূৰ্ব অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে। তেওঁ কয় যে শ্ৰীলংকা আমাৰ ঘনিষ্ঠ চুবুৰীয়া দেশত অস্থিৰতাই দেখা দিয়া বা হিংসাৰ সূত্ৰপাত হোৱাটো ভাৰতৰ বাবেও গভীৰ চিন্তাৰ বিষয় বুলি বিদেশ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ড০ জয়শংকৰে কয় যে ৰাজনৈতিক দলৰ নেতাসকলৰ সন্মুখত উপস্থাপনৰ জৰিয়তে বিদেশ নীতিৰ দৃষ্টিকোণৰ সৈতে জড়িত বিশদ বিৱৰণ দাঙি ধৰা হয়। ইয়াৰ জৰিয়তে নেতাসকলক শ্ৰীলংকাৰ ৰাজনৈতিক অস্থিৰতা, অৰ্থনৈতিক সংকট, ঋণৰ স্থিতি, ভাৰতে দেশখনলৈ আগবঢ়োৱা সহায় আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিকে ধৰি আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পৰা সহায় লাভৰ বাবে ল’ব পৰা বিভিন্ন উদ্যমৰ বিষয়ে ব্যাখ্যা কৰা হয়। ভাৰতৰ কিছু অংশত শ্ৰীলংকাৰ দৰে পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকা নুই কৰি ড০ জয়শংকৰে কয় যে বৈঠকত বিত্ত মন্ত্ৰ্যালয়ে ৰাজ্যভিত্তিক ৰাজহ-ব্যয়ৰ তুলনাত, ৰাজ্যিক মুঠ ঘৰুৱা উৎপাদন আৰু দেনা-পাওনা, বিভিন্ন ৰাজ্যৰ বিকাশৰ হাৰ তথা সম্পত্তি বন্ধকত ৰাখিবলগীয়া পৰিস্থিতি সন্দৰ্ভতো বিশেষ উপস্থাপন দাঙি ধৰে। ভাৰতে শ্ৰীলংকাৰ স্থিতি মানৱীয়ভাৱে সমাধানৰ দৃষ্টিভংগী গ্ৰহণ কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। 

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1