মুখ্য বাতৰি
পৰম্পৰা আৰু পৰম্পৰাগত জ্ঞানৰ সংৰক্ষণৰ বাবে নাগালেণ্ডক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ            জি-টুৱেণ্টি ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতা কৰাটো ভাৰতৰ বাবে গোলকীয় হিত আৰু কল্যাণৰ হকে কাম কৰাৰ এটা ডাঙৰ সুযোগঃ প্ৰধানমন্ত্ৰী            এন চি চিৰ আজি ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস            চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ হকে কাম কৰি আছেঃ বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ            'বিকাশৰ এটা পষেক’ শীৰ্ষক আলোচনাত ভাৰ্ছুৱেল ব্যৱস্থাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ           

May 30, 2022
6:39PM

চৰকাৰৰ বৈদেশিক নীতিয়ে আস্থাপূৰ্ণ সম্পৰ্ক আৰু আন্তঃৰাষ্ট্ৰীয় সমৰ্থনৰ জৰিয়তে ৰাষ্ট্ৰীয় সুৰক্ষা নিশ্চিত কৰিছেঃ ড০ এছ জয়শংকৰ

@DrSJaishankar
বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে আজিৰ দিনটোৱে জনসাধাৰণক নৰেন্দ্ৰ মোদী চৰকাৰৰ বিদেশ নীতিৰ কেন্দ্ৰস্থলত ৰখাৰ ৮ বছৰ সম্পূৰ্ণ হোৱাটোক সূচায়। এলানি টুইটবাৰ্তাত শ্ৰীজয়শংকৰে কয় যে এয়া হ’ল ভাৰতৰ উন্নয়ন, সুৰক্ষা আৰু সভ্যতাৰ লগতে জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়োৱাৰ কূটনীতি। ড০ জয়শংকৰে কয় যে পাৰপত্ৰ প্ৰদান ব্যৱস্থাক খৰতকীয়া দুৰ্নীতিমুক্ত আৰু জনসাধাৰণক অধিক কাষ চপাই নিয়াৰ জৰিয়তে এই ব্যৱস্থাত উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। আনহাতে, কোভিডৰ সময়ছোৱাত ৰূপায়ণ কৰা বন্দে ভাৰত অভিযান আৰু ইউক্ৰেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত আৰম্ভ কৰা গংগা অভিযানৰ দৰে পদক্ষেপসমূহৰ জৰিয়তে নৰেন্দ্ৰ মোদী চৰকাৰে বিদেশত বসবাস কৰা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এন ডি এ চৰকাৰৰ বৈদেশিক নীতিয়ে আস্থাপূৰ্ণ সম্পৰ্ক আৰু আন্তঃৰাষ্ট্ৰীয় সমৰ্থনৰ জৰিয়তে ৰাষ্ট্ৰীয় সুৰক্ষা নিশ্চিত কৰা বুলিও তেওঁ লগতে মত প্ৰকাশ কৰে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1