মুখ্য বাতৰি
ৰাজ্যসভাত মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন, আলোচনা অব্যাহত            লোকসভাত চন্দ্রযান-৩ অভিযানৰ সফলতা আৰু মহাকাশত দেশৰ অন্যান্য সাফল্য সন্দৰ্ভত আলোচনা            মহিলা সংৰক্ষণ বিধেয়কখনে দেশৰ মহিলাসকলক নতুন শক্তি আৰু আত্মবিশ্বাস প্রদান কৰিবঃ প্ৰধানমন্ত্ৰী            মধ্যপ্ৰদেশত জি-টুৱেণ্টীৰ আন্তঃৰাষ্ট্ৰীয় আন্তঃগাঁথনি কাৰ্যকৰী গোটৰ চতুৰ্থখন বৈঠক আৰম্ভ            লোকসভা-বিধানসভাত মুঠ আসনৰ এক তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষণ বিধেয়কত লোকসভাত অনুমোদন           

Mar 29, 2022
5:53PM

কলম্বোত অনুষ্ঠিত অষ্টাদশ বিমষ্টেক মন্ত্ৰী পৰ্যায়ৰ বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

@DrSJaishankar
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি কলম্বোত অনুষ্ঠিত অষ্টাদশ বিমষ্টেক মন্ত্ৰী পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত ড০ জয়শংকৰে সহযোগিতা বিশেষকৈ সংযোগ, শক্তি তথা সামুদ্ৰিক সহযোগিতাৰ ক্ষেত্ৰ প্ৰসাৰিত কৰা আৰু প্ৰৱল কৰি তোলাৰ প্ৰতিশ্ৰুতি সম্পৰ্কত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে সক্ৰিয় ব্যৱসায়িক সহযোগিতা আৰু উমৈহতীয়া প্ৰকল্পসমূহক উৎসাহিত কৰাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বন্দৰৰ সুবিধা ফেৰী সেৱা, উপকূলীয় জাহাজ চলাচল, গ্ৰীড সংযোগ আৰু যান-বাহন চলাচলৰ ক্ষেত্ৰত সহযোগিতা গুৰুত্বপূৰ্ণ। বৈদেশিক মন্ত্ৰীগৰাকীয়ে সন্ত্ৰাসবাদ, মাদকদ্ৰব্য সৰবৰাহ, ছাইবাৰ আক্ৰমণ, আন্তৰ্জাতিক অপৰাধ তথা হিংসাত্মক উগ্ৰবাদৰ বিৰুদ্ধে বিমষ্টেক ৰাষ্ট্ৰসমূহে সংঘবদ্ধভাৱে যুঁজ দিয়াটো উচিত বুলি মত প্ৰকাশ কৰে। 

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1