মুখ্য বাতৰি
কেৱল ঔদ্যোগিক উন্নয়ন আৰু সমাজৰ দৰিদ্ৰ লোক সকলক বাদ দি দেশ কেতিয়াও সমৃদ্ধিশালী হ'ব নোৱাৰেঃ গৃহমন্ত্রী            স্বৰ্গদেউ চ্যুকাফাৰ স্মৃতিত শ্রদ্ধা জনাই আজি ৰাজ্যজুৰি অসম দিৱস উদযাপন            কৃত্রিম বুদ্ধিমত্তাৰ দৰে আধুনিক প্ৰযুক্তিয়ে জীৱনটো সহজ কৰি তুলিব পাৰি যদিও একে সময়তে ই দিপ ফেকৰ দৰে সামাজিক ভাবুকিৰ সৃষ্টি কৰিছেঃ ৰাষ্ট্ৰপতি মুৰ্মু            COP-28 শীৰ্ষ সন্মিলনৰ মাজতে ধাৰাবাহিকভাৱে বিশ্বৰ অন্যান্য নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত প্রধানমন্ত্ৰী মোদী            ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ লগতে ভাৰতৰ গোলকীয় সন্মান আৰু বিশ্বাস যোগ্যতা যোৱা কিছুবছৰত যথেষ্ট বৃদ্ধি পাইছেঃ উপ-ৰাষ্ট্ৰপতি           

Jan 08, 2022
6:24PM

সীমান্ত সুৰক্ষা বাহিনীৰ একাডেমিৰ সহকাৰী কমাণ্ডেণ্টৰ সমাৱৰ্তনত অনুৰাগ ঠাকুৰৰ অংশগ্ৰহণ

@Anurag_Office
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে মধ্যপ্ৰদেশত সীমান্ত সুৰক্ষা বাহিনীত নতুনকৈ অন্তৰ্ভুক্ত হোৱা বিষয়াসকলক আইনৰ পৰিধিৰ ভিতৰত থাকি সত্য, মৰ্যাদা আৰু সততাৰে দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। তেওঁ আজি গোৱালিয়ৰ টেকানপুৰত সীমান্ত সুৰক্ষা বাহিনীৰ একাডেমিৰ সহকাৰী কমাণ্ডেণ্টৰ সমাৱৰ্তনৰ কুচকাৱাজৰ পিছত নতুনকৈ অন্তৰ্ভুক্ত বিষয়াসকলক সম্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আজি আপোনালোকে নিজৰ জীৱন ৰাষ্ট্ৰৰ সেৱাৰ অৰ্থে সমৰ্পণ কৰিছে, সেয়েহে এতিয়াৰ পৰা ৰাষ্ট্ৰৰ স্বাৰ্থ আপোনাৰ প্ৰাথমিকতা হ’ব লাগে। ক্ৰীড়াত বি এছ এফৰ অৱদানৰ কথা উল্লেখ কৰি শ্ৰী ঠাকুৰে কয় যে বি এছ এফে ক্ৰীড়াৰ বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াই আহিছে। ইয়াৰ পূৰ্বে ৩ গৰাকী মহিলাকে ধৰি ৭৮ গৰাকী নতুনকৈ নিযুক্ত বিষয়াই ৰাষ্ট্ৰৰ সেৱাৰ প্ৰতি আনুগত্যৰ শপত গ্ৰহণ কৰে। শ্ৰী ঠাকুৰে বি এছ ক্ৰীড়াৰ বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াই আহিছে। ইয়াৰ পূৰ্বে ৩ গৰাকী মহিলাকে ধৰি ৭৮ গৰাকী নতুনকৈ নিযুক্ত বিষয়াই ৰাষ্ট্ৰৰ সেৱাৰ প্ৰতি আনুগত্যৰ শপত গ্ৰহণ কৰে। শ্ৰী ঠাকুৰে বি এছ এফৰ শ্বহীদ অজেয়া প্ৰহাৰীৰ স্মাৰকতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বি এছ এফৰ মহানিৰ্দেশক পংকজ কুমাৰ সিঙে সমাৱৰ্তন সম্বোধন কৰে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1