মুখ্য বাতৰি
ৰাজ্যসভাত মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন, আলোচনা অব্যাহত            লোকসভাত চন্দ্রযান-৩ অভিযানৰ সফলতা আৰু মহাকাশত দেশৰ অন্যান্য সাফল্য সন্দৰ্ভত আলোচনা            মহিলা সংৰক্ষণ বিধেয়কখনে দেশৰ মহিলাসকলক নতুন শক্তি আৰু আত্মবিশ্বাস প্রদান কৰিবঃ প্ৰধানমন্ত্ৰী            মধ্যপ্ৰদেশত জি-টুৱেণ্টীৰ আন্তঃৰাষ্ট্ৰীয় আন্তঃগাঁথনি কাৰ্যকৰী গোটৰ চতুৰ্থখন বৈঠক আৰম্ভ            লোকসভা-বিধানসভাত মুঠ আসনৰ এক তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষণ বিধেয়কত লোকসভাত অনুমোদন           

Oct 18, 2021
5:42PM

ইজৰাইলৰ বাণিজ্য সংঘ আৰু উদ্ভাৱনী প্ৰক্ৰিয়াৰে জড়িতসকলৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ বৈঠক

@DrSJaishankar
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে তেওঁ ইজৰাইলৰ বাণিজ্য সংঘ আৰু উদ্ভাৱনী প্ৰক্ৰিয়াৰে জড়িতসকলৰ সৈতে এখন ফলপ্ৰসূ বৈঠকত মিলিত হয়। এলানি টুইটত ড০ জয়শংকৰে ভাৰতৰ সৈতে ইজৰাইলৰ অংশীদাৰিত্ব বৃদ্ধিক উৎসাহিত কৰে। তেওঁ কয় যে কোভিড পৰিস্থিতিৰ পাছত ডিজিটেল, স্বাস্থ্য, কৃষি, সেউজ বিকাশৰ দৰে বিভিন্ন প্ৰাকৃতিক ক্ষেত্ৰত দুয়োখন দেশৰ সহযোগিতা বৃদ্ধিত গুৰুত্ব দিয়াৰ প্ৰয়োজন হৈছে। তেওঁ ভাৰত চৰকাৰৰ সা-সুবিধাসমূহ গ্ৰহণ কৰাত মনোযোগ দিয়াৰ লগতে ভাৰতৰ ব্যৱসায় অনুকূল নীতিৰ সুবিধা গ্ৰহণ কৰিবলৈ ইজৰাইলৰ ব্যৱসায়ীসকলক আহ্বান জনায়। ইজৰাইল ভ্ৰমণৰ সময়ত শ্ৰীজয়শংকৰে ইজৰাইলত থকা ভাৰতীয় ইহুদী সম্প্ৰদায়ৰ লোকসকলকো সাক্ষাৎ কৰে আৰু ভাৰত-ইজৰাইল সম্বন্ধলৈ তেওঁলোকে আগবঢ়োৱা অৱদানৰ শলাগ লয়। অনাগত দিনত ভাৰতীয় ইহুদীসকলে ভাৰত আৰু ইজৰাইলক অধিক ওচৰ চপাই অনাত সহায় কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1