মুখ্য বাতৰি
ৰাজ্যসভাত মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন, আলোচনা অব্যাহত            লোকসভাত চন্দ্রযান-৩ অভিযানৰ সফলতা আৰু মহাকাশত দেশৰ অন্যান্য সাফল্য সন্দৰ্ভত আলোচনা            মহিলা সংৰক্ষণ বিধেয়কখনে দেশৰ মহিলাসকলক নতুন শক্তি আৰু আত্মবিশ্বাস প্রদান কৰিবঃ প্ৰধানমন্ত্ৰী            মধ্যপ্ৰদেশত জি-টুৱেণ্টীৰ আন্তঃৰাষ্ট্ৰীয় আন্তঃগাঁথনি কাৰ্যকৰী গোটৰ চতুৰ্থখন বৈঠক আৰম্ভ            লোকসভা-বিধানসভাত মুঠ আসনৰ এক তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষণ বিধেয়কত লোকসভাত অনুমোদন           

Oct 09, 2021
6:11PM

কাইলৈ চাৰিদিনীয়া ভ্ৰমণসূচী লৈ কিৰ্গিস্তান, কাজাখাস্তান আৰু আৰ্মেনিয়ালৈ যাব বিদেশ মন্ত্ৰী ড০ এছ জয় শংকৰ

@DrSJaishankar
বিদেশ মন্ত্ৰী ড০ এছ জয় শংকৰ কাইলৈ চাৰিদিনীয়া ভ্ৰমণসূচী লৈ কিৰ্গিস্তান, কাজাখাস্তান আৰু আৰ্মেনিয়ালৈ যাব। ড০ জয় শংকৰে দুদিনীয়া ভ্ৰমণসূচী লৈ কিৰ্গিস্তানত উপস্থিত হ’ব। বিদেশ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত মন্ত্ৰীগৰাকীৰ এয়া হ’ব প্ৰথমটো কিৰ্গিস্তান ভ্ৰমণ। এই ভ্ৰমণৰ কালছোৱাত ড০ জয় শংকৰে কিৰ্গিস্তানৰ বিদেশ মন্ত্ৰী আৰু ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব। এই বৈঠকৰ কালছোৱাত কেবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’ব বুলি আশা কৰা হৈছে। বিদেশ মন্ত্ৰীগৰাকীয়ে সোমবাৰে দুদিনীয়া ভ্ৰমণসূচী লৈ কাজাখাস্তানত উপস্থিত হ’ব। ভ্ৰমণৰ কালছোৱাত ড০ জয় শংকৰে নুৰ চুলতানত আয়োজিত এখন মন্ত্ৰীস্তৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব। ড০ জয় শংকৰে কাজাখাস্তানৰ উপ-প্ৰধানমন্ত্ৰী, বিদেশ মন্ত্ৰী আৰু ৰাষ্ট্ৰপতিকো সাক্ষাৎ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে অহা ১২ আৰু ১৩ অক্টোবৰত আৰ্মেনিয়াত উপস্থিত হ’ব। স্বাধীনতা লাভ কৰাৰ পাছত ভাৰতৰ বিদেশ মন্ত্ৰীৰ এয়া হ’ব প্ৰথমটো আৰ্মেনিয়া ভ্ৰমণ। মন্ত্ৰীগৰাকীয়ে এই সময়ছোৱাত আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী, বিদেশ মন্ত্ৰী আৰু নেচনেল এছেম্বলিৰ অধ্যক্ষকো সাক্ষাৎ কৰিব। 

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1